গুৱাহাটী: আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব। সদনত বিধায়ক গুৰুজ্যোতি দাসৰ এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
শিক্ষা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ ১০ৰ পৰা ২২ তাৰিখলৈ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ‘খেলো ইণ্ডিয়া’ অনুষ্ঠানৰ বাবে গুণোৎসৱৰ কাৰ্যসূচী সামান্য সাল সলনি হোৱাৰ সম্ভাৱনা আছে।
গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ। গুণোৎসৱে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰে। লগতে শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিবেশৰ উন্নতি সাধন কৰে।
এই গুণোৎসৱত সমৰি লোৱা বিদ্যালয় মূল্যায়ণৰ চাৰিটা দিশ হ’ল-দ্বিতায় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য্য, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু অন্যান্য সা- সুবিধাৰ অৱস্হিতি আৰু সমাজৰ অংশগ্ৰহণ। (INDIA ONLINE)