গুৱাহাটী: ক্ৰমাৎ সুস্থ হৈ উঠিছে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। নিশাটো আই চি ইউত পৰ্যবেক্ষণ বাবে ৰখা হৈছিল শিল্পীগৰাকীক। ১২জন চিকিৎসৰ তত্বাৱধানত চলি আছে জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষা।
কালি কাজিৰঙা ভ্ৰমণ কৰি আহি সন্ধিয়া শিল্পীগৰাকীয়ে অনুৰাগ শইকীয়াৰ ‘বৰগীত’ উন্মোচন অনুষ্ঠানত অংশ লৈছিল। টাউন ক্লাৱত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ মাজতেই হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। তাৰ পিছতেই ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ চিকিৎসালয়ত।
অৱশ্যে প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ অন্তত কালি নিশাই চিকিৎসকে জুবিন গাৰ্গক সংকটমুক্ত বুলি জানিবলৈ দিছিল। অধিক পৰিশ্ৰম আৰু জিৰণিৰ অভাৱৰ বাবেই দুৰ্বল হৈ পৰা বুলি জানিবলৈ দিছিল চিকিৎসকে। সকলো ঠিকে থাকিলে আজি বা কাইলৈৰ ভিতৰত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব জুবিন গাৰ্গক। (AIR NEWS)