आपकी जीत में ही हमारी जीत है
Promote your Business

অখিল গগৈসহ কাৰাবন্দীসকলক মুক্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

news

গুৱাহাটী: বিনাচৰ্তে অখিল গগৈসহ ধৈৰ্য্য কোঁৱৰ, মানব কোঁৱৰ, বিটু সোণোৱাল আৰু আলোচনাপন্থী আলফা নেতা জিতেন দত্তক মুক্তিৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি গুৱাহাটীৰ চচলত কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে। 

উল্লেখযোগ্য যে শেহতীয়াকৈ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে চেলেংঘাটৰ নিজ বাসগৃহত পুত্ৰৰ মুক্তিৰ দাবীত চৰকাৰক আহ্বান জনায় অনশন কাৰ্যসূচী পালন কৰিছিল। ইয়াৰ পাছতে জিতেন গগৈৰ মাতৃয়েও পুত্ৰৰ মুক্তি বিচাৰি চৰকাৰক দাবী জনায়। 

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বিগত ১২ ডিচেম্বৰত যোৰহাটত এক প্ৰতিবাদী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক। ইয়াৰ পিছতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে যোৰহাটৰ পৰা বিশেষ হেলিকপ্তাৰযোগে গুৱাহাটীলৈ লৈ অহা হৈছিল নেতাগৰাকীক। আনহাতে বিগত ১৭ ডিচেম্বৰত গুৱাহাটীস্থিত নিয়াৰ বিশেষ আদালতত অখিল গগৈক হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছৰে পৰা ১০ দিনৰ জিম্মাত লৈছে তদন্তকাৰী সংস্থাটোৱে।

আনহাতে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই চৰকাৰক অসমৰ খনিজ সম্পদ বহিৰাগত দেশলৈ ৰপ্তানি কৰা তথা অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল। 

নেতাকেইজনৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে শিল্পীসমাজেও চৰকাৰক দাবী উত্থাপন কৰিছে। (INDIA ONLINE)

190 Days ago

Download Our Free App

Advertise Here