-
വര്ഗ്ഗീയത വോട്ടാകുമോ ? | News Hour 27 FEB 2021
3 Hours ago
গুৱাহাটী: এইবাৰ অনুষ্ঠিত নহয় কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ২য় আৰু ৪ৰ্থ ষাণ্মাষিকৰ পৰীক্ষা। লগতে বিচিএ আৰু এমচিএৰ ২য় আৰু ৪ৰ্থ ষাণ্মাষিকৰো পৰীক্ষা অনুষ্ঠিত কৰা নহয়। বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ এক জৰুৰী বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
স্নাতকোত্তৰ পাঠ্যক্রমৰ ২য় আৰু ৩য় ষাণ্মাষিকৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত। এই ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা অবিহনেই পৰৱৰ্তী ষাণ্মাষিকলৈ উন্নতি কৰা হ'ব। অৱশ্যে পূৰ্বৰ ষাণ্মাষিক পৰীক্ষাৰ ৫০% ৱেইটেজৰ ভিত্তিতহে এই সিদ্ধান্ত লোৱা হ’ব।
উল্লেখযোগ্য যে প্ৰতিবছৰেই মে’-জুন মাহত অনুস্থিত হয় ২য় আৰু ৩য় ষাণ্মাষিকৰ পৰীক্ষা। কিন্ত এইবাৰ কৰ’ণাৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত তলাবন্ধ চলি থকা বাবে অনুষ্ঠিত কৰিব পৰা নগ'ল পৰীক্ষা।
আনহাতে ৩ আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন ষাণ্মাষিকৰ অনলাইন পাঠ্যক্রম। বিশ্ববিদ্যালয় অনুদান নিধিৰ নিৰ্দেশনা অনুসৰি এই সিদ্ধান্তসমূহ গ্রহণ কৰা হৈছে বুলি কটন বিশ্ববিদ্যালয়ৰ কৰ্তপক্ষই জানিব দিছে। (INDIAONLINE)