A part of Indiaonline network empowering local businesses

অভিনেত্রী গীতাৱলী ৰাজকুমাৰীৰ দেহত ক’ৰণাৰ অৱস্থিতি

news

গুৱাহাটী: বানৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে ক’ৰণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ ঘটনা। এইবাৰ ক’ৰণাত আক্ৰান্ত হ’ল অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্রী গীতাৱলী ৰাজকুমাৰী। অভিনেত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড–১৯ৰ অৱস্থিতি।  

প্ৰাপ্ত তথ্য অনুসৰি বিগত কেইবাদিন ধৰি জ্বৰ আৰু কাহত ভুগি আছিল অভিনেত্রীগৰাকী।  মঙলবাৰে যোৰহাটত ৰেপিড টেষ্ট কৰোৱাৰ পিছতেই ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে অভিনেত্রীগৰাকীৰ শৰীৰত। আনহাতে অভিনেত্রীগৰাকীৰ কন্যা অনুস্কা ৰাজকুমাৰীও আক্রান্ত হৈছে এই ভাইৰাছত।

উল্লেখযোগ্য যে সোমবাৰে অভিনেত্রীগৰাকীৰ জ্যেষ্ঠ ভগ্নী শুভালক্ষ্মী ৰাজকুমাৰীও আক্ৰান্ত হৈছিল ক’ভিড–১৯ত।  (INDIAONLINE)

1233 Days ago