A part of Indiaonline network empowering local businesses Chaitra Navratri

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৫ উইকেটত জয়লাভ

News

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৫ উইকেটত জয়লাভ কৰিছে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে ৩৯ অভাৰ ৫টা বলত ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ কে এল ৰাহুলে অপৰাজিত ৭৫ আৰু ৰবীন্দ্ৰ জাদেজাই অপৰাজিত ৪৫ ৰান কৰে। বলিঙত অষ্ট্ৰেলিয়াৰ হৈ মিচেল মাৰ্শ্বে ৩টা উইকেট দখল কৰে। ভাৰতৰ ৰবীন্দ্ৰ জাদেজা শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ভাৰতে টচত জিকি প্রথমে অষ্ট্ৰেলিয়াক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই ৩৫ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। মিচেল মাৰ্শ্বে ৬৫টা বলত ৮১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ স্বামী আৰু মহম্মদ ছিৰাজে ৩টাকৈ উইকেট দখল কৰে। ৰবীন্দ্ৰ জাদেজাই দুটা উইকেট দখল কৰে। (AIR NEWS)

6 Days ago