প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্রী ড০ এছ জয়শংকৰ, মীনাক্ষী লেখি, সাংসদ-বিধায়ক, দলীয় কাৰ্যকৰ্তা আৰু জনসাধাৰণে পালম বিমান বন্দৰত শ্ৰী মোদীক আদৰণি জনায়। বিজেপিৰ সভাপতি জে পি নাড্ডাই শ্রী মোদীক অভিনন্দন জনায় কয় যে, বিশ্বই প্রধানমন্ত্ৰীৰ শাসন আৰ্হিৰ প্ৰশংসা কৰে। তেওঁ কয় যে, প্রধানমন্ত্রী মোদীয়ে ভ্ৰমণ কৰা দেশৰ নেতাসকলৰ পৰা লাভ কৰা মৰম-চেনেহ আৰু সন্মানৰ পৰা তেওঁৰ প্ৰতি নেতাসকলৰ অগাধ বিশ্বাসৰ কথাই প্রমাণিত হয়। শ্রী নাড্ডাই কয় যে, পাপুৱা নিউ গিনিত প্রধানমন্ত্ৰীক যিদৰে আদৰণি জনোৱা হৈছিল, তাক প্রত্যক্ষ কৰি দেশৰ জনসাধাৰণে গৰ্ব অনুভৱ কৰিছে। ভাৰতৰ সংস্কৃতি-পৰম্পৰা আৰু প্ৰমূল্যৰাজিক বিশ্বত আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্রী মোদীৰ অৱদান অপৰিসীম বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে, বিগত ৯টা বছৰত প্ৰধানমন্ত্রী মোদীয়ে গোলকীয় পৰ্যায়ত ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰিছে। বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কয় যে, পাপুৱা নিউ গিনিৰ প্ৰধানমন্ত্ৰীয়ে শ্রী মোদীক বিশ্বগুৰু বুলি গণ্য কৰে আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক বছ বুলি সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বলত বিশ্বই এখন নতুন ভাৰত প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে সমবেত ৰাইজক সম্বোধন কৰি কয় যে, তেওঁ যেতিয়া দেশৰ সংস্কৃতিৰ কথা কয়, তেতিয়া তেওঁ বিশ্বৰ চকুত চকু থয়। ভাৰতৰ জনসাধাৰণে দেশত পূর্ণ সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰাৰ বাবে এই বিশ্বাস লাভ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, যাত্ৰাৰ মাজত তেওঁ যিখিনি সময় পাইছিল, সেইখিনি ৰাষ্ট্ৰৰ হিত আৰু দেশৰ হকে শ্রেষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ব্যৱহাৰ কৰিছে। (AIR NEWS)