A part of Indiaonline network empowering local businesses

অসমত ২০১৬ পৰা ২০২৪ চনলৈকে বনৰীয়া হাতীৰ আক্ৰমণত পাঁচ শতাধিক লোকৰ মৃত্যু

news

অসমত ২০১৬ চনৰ পৰা ২০২৪ চনলৈকে বনৰীয়া হাতীৰ আক্ৰমণত ৫, ৯৯৫ টা পৰিয়ালৰ সা- সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ লগতে পাঁচ শতাধিক লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে হাতীৰ আক্ৰমণত মৃত্যু হোৱা বা সা- সম্পত্তি হেৰুওৱা লোকসকলক ক্ষতিপূৰণ দিয়া হৈছে। আনহাতে, হাতী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ বাবে বনকৰ্মীৰ দ্বাৰা নিয়মীয়া তহলদাৰীৰ ব্যৱস্থা, ব্যাপক হাৰত গছপুলি ৰোপণৰ দ্বাৰা হাতীৰ বাবে পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা কৰা, স্থানীয় পৰ্যায়ত সমন্বয়ৰক্ষী সমিতি গঠন কৰি সংঘাত ৰোধৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি হাতীৰ উপদ্ৰৱৰ স্থানসমূহত নিৰীক্ষণ চকী স্থাপন কৰি বিভিন্ন প্রযুক্তিৰ সহযোগত প্ৰাৰম্ভিকভাৱে নিৰীক্ষণ আৰু সংঘাত প্রতিবোধৰ ব্যৱস্থা কৰা হৈছে। ঐৰাৱত নামৰ বাহনৰ সহায়ত প্ৰতিৰোধ বাহিনীৰ দ্বাৰা তাৎক্ষণিকভাৱে সংঘাত ৰোধৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। (AIR NEWS)

11 Days ago