অসমৰ গংগোত্ৰী বৰদলৈৰ দ্বিতীয়টো স্বৰ্ণ পদক অৰ্জন

news

গুৱাহাটী: খেলো ইণ্ডিয়াত পুনৰ উজ্জ্বলিল অসম। ৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিক সফলতা অক্ষুন্ন ৰাখি অসমে দ্বিতিয়টো স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়। চাইক্লিংত ৬০ কিলো মিটাৰ অতিক্ৰম কৰি ৰাজ্যখনলৈ দ্বিতীয়টো সোণৰ পদক কঢ়িয়াই আনে ৰহাৰ গংগোত্ৰী বৰদলৈয়ে। গংগোত্ৰীৰ লগতে একেটা শাখাত ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় আন এগৰাকী অসম কন্যা ছয়নিকা গগৈ।

যোৱা ১২ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ পূজা বসুমতাৰীয়ে জুডোৰ ৫৭ কেজি শাখাত স্বৰ্ণ জয় কৰে। ১-০ ৰ ব্যৱধানত উত্তৰাখণ্ডৰ প্ৰতিযোগীগৰাকীক পৰাস্ত কৰে পূজাই। ১-০ পইন্টৰ ব্যৱধানত উত্তৰাখণ্ডৰ প্ৰতিযোগীক পৰাস্ত কৰি এই পদক লাভ কৰিবলৈ সক্ষম হৈছিল। (INDIA ONLINE)

35 Days ago