ৰাজ্যৰ কেইবাটাও প্ৰান্তত যোৱা নিশা ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে। মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী সদৰটিলাত ধুমুহাই চৰকাৰী বিদ্যালয়ৰ গৃহ উৰুৱাই নিয়ে যাৰ ফলত বিদ্যালয়খনত আজিৰে পৰা অনির্দিষ্ট কাললৈ পাঠদান বন্ধ কৰি দিয়া হৈছে। আনহাতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ কেইবাটাও অঞ্চলত ধুমুহা বৰষুণে বিস্তৰ ক্ষতি কৰে। ধুমুহাৰ ফলত অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ ক্ষতি হয়। ধুমুহাৰ ফলত কেইবাটাও ঘৰৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাত যাতায়াত আৰু বিদ্যুৎ যোগান ব্যাহত হয়। গোলাঘাটৰ মৰঙিৰ ২ নং দৈগ্ৰোং নতুন লাইনতো ধুমুহাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ সম্পূর্ণৰূপে বিধ্বস্ত হয়। (AIR NEWS)