आपकी जीत में ही हमारी जीत है
Promote your Business

অসম উচ্চতৰ মাধ‍্যমিক শিক্ষা পৰিষদৰ অনলাইন পাঠদান আৰম্ভ

news

গুৱাহাটী: অসম উচ্চতৰ মাধ‍্যমিক শিক্ষা পৰিষদে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে শেহতীয়াকৈ আৰম্ভ কৰিছে অনলাইন পাঠদানৰ ব‍্যৱস্থা।

দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিজনেজ ষ্টাডিজ, একাউণ্টেঞ্চি আৰু ইকনমিছৰ পাঠদানৰ ভিডিঅ' ইউটিউবত উপলব্ধ কৰোৱাইছে। এই ভিডিঅ'সমূহ https://YouTube.com/c/EduAid India ত উপলব্ধ।

সদ‍্যহতে বিজনেজ ষ্টাডিজৰ পাঠদান সোমবাৰৰ পৰা শণিবাৰলৈ চলিব, সোমবাৰ আৰু বৃহস্পতিবাৰে একাউণ্টেঞ্চি, মঙলবাৰ আৰু শুকুৰবাৰে অৰ্থনীতিৰ পাঠদান চলিব। এই পাঠদান সন্ধিয়া৭ বজাত আৰম্ভ হয়।

সংশ্লিষ্ট কৰ্তৃপক্ষই জানিব দিয়ামতে তেওঁলোকে অনতিপলমে আৰু অধিক বিষয়ত পাঠদানৰ ব‍্যৱস্থা কৰিব। এই বিষয়ে অধিক তথ্যৰ বাবে শিক্ষাৰ্থীসকলে AHSEC টাইপ কৰি হোৱাটছএপযোগে 9477194771 নম্বৰত মেছেজ কৰিব পাৰে। (INDIA ONLINE)

29 Days ago

Download Our Free App