অসম চৰকাৰৰ অভিলেখ সংখ্যক জিএছটি সংগ্ৰহ

news

গুৱাহাটী: মাত্ৰ এটা মাহতে অভিলেখ সংখ্যক জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ। কেৱল নৱেম্বৰ মাহতে ৮৩১ কোটি টকা জিএছটি হিচাপে সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে।

বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে যে ২০১৭ চনৰ জুলাই মাহত জিএছটি প্ৰযোজ্য হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসমে এটা মাহত অভিলেখ সংখ্যক জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত অসমে ৮৩১ কোটি টকা জিএছটি হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। কেৱল ইয়াৰ ভিতৰত SGST হিচাপে ৩৭৫ কোটি টকা আৰু IGST হিচাপে ৪৫৬ কোটি টকা সংগ্ৰহ হৈছে।

উল্লেখ্য যে বাৰ্ষিক ভিত্তিত ২০১৯ চনৰ অক্টোবৰ মাহত জিএছটি সংগ্ৰহ ৫.২৯ শতাংশ হ্ৰাস পাইছিল। (INDIA ONLINE)

86 Days ago