ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু অহা মাহৰ প্ৰথম ভাগতে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ৬ আৰু ৭ এপ্ৰিলত হ'বলগীয়া হস্তী মহোৎসৱত অংশ ল'ব বুলি উদ্যানখনৰ সঞ্চালক যতীন্দ্র শর্মাই জানিবলৈ দিয়ে। এই ভ্রমণকালছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ আৰু হাতী ছাফাৰি কৰিব। কাজিৰঙাৰ বিভিন্ন স্থানত হস্তী মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব যদিও উচ্চস্তৰীয় বৈঠকৰ পাছতহে স্থানসমূহ নিৰূপণ কৰা হ'ব বুলি সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। (AIR NEWS)