A part of Indiaonline network empowering local businesses

অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা মিছন বসুন্ধৰাৰ অধীনত ভূমিপট্টাসমূহ বিতৰণ

news

অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা মিছন বসুন্ধৰাৰ অধীনত যোগ্য বুলি বিবেচিত হোৱা লোকসকলৰ মাজত ভূমিপট্টাসমূহ বিতৰণ কৰা হ'ব। বিধানসভাত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত আলোচনাৰ সময়ত বিৰোধী পক্ষই কৰ্তন প্ৰস্তাৱ উত্থাপন কৰাৰ সময়তে এ আই ইউ ডি এফৰ বিধায়কসকলে মিছন বসুন্ধৰাত কিছুসংখ্যক বিশেষ সম্প্ৰদায়ৰ লোকক ভূমিপট্টা দিয়াৰ অভিযোগ তুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই অভিযোগৰ উত্তৰ দি কয় যে মিছন বসুন্ধৰা ২-ৰ অধীনত কেৱল মাত্ৰ খিলঞ্জীয়া-বিশেষকৈ আদিম অধিবাসী, অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলকহে ভূমিপট্টা দিয়া হ'ব। এই আঁচনিৰ অধীনত ভূমিহীন, খিলঞ্জীয়া তথা আর্থিকভাৱে দুৰ্বল শ্রেণীকহে ভূমিপট্টা প্ৰদান কৰি অহা হৈছে আৰু অহা এবছৰৰ ভিতৰত অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ ভূমিৰ সমস্যাসমূহ সমাধান কৰা হ'ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত জনায় যে মিছন বসুন্ধৰাৰ অধীনত কেৱল অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ভূমিপট্টা দিয়াৰ কথা স্পষ্টকৈ উল্লেখ আছে। তেওঁ কয় যে এই আঁচনিৰ অধীনত মুছলমান সম্প্ৰদায়ৰ লোকসকলে ভূমিপট্টা নাপায়। কিন্তু তেওঁলোকে মিছন বসুন্ধৰা আঁচনিৰ বাহিৰে ৰাজ্যখনত চলি থকা অন্যান্য আঁচনিৰ সহায়ত ভূমিপট্টাৰ বাবে আবেদন কৰিব পাৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে সদনক কয় যে অহা এবছৰৰ ভিতৰত চৰ অঞ্চলৰ জৰীপ কৰা হ'ব আৰু তাত বসবাস কৰি থকা ভূমিহীন লোকসকলক ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি মাটিৰ পট্টা প্ৰদান কৰা হ'ব। প্রশ্নোত্তৰ কালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে জনায় যে বৰ্তমানৰ চৰকাৰে ২২ হাজাৰতকৈ অধিক শিক্ষকক নিযুক্তি দিছে তথা নতুন নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনত বৰ্তমানলৈ ৩১ খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ আধাৰত আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে আৰু পর্যায়ক্রমে সকলো বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাত একোখনকৈ এনে বিদ্যালয় স্থাপন কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষাৰ মান উন্নত কৰিবলৈ শিক্ষক সমাজক শিক্ষা সেতু এপ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। (AIR NEWS)

20 Days ago