Promote your Business

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ ২০১৯ বৰ্ষৰ বীৰ চিলাৰায় বঁটা

news

গুৱাহাটী: অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা। অহা ৯ ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ আইটিআই ফিল্ডত ‘বীৰ চিলাৰায় দিৱস’ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা। 
উল্লেখযোগ্য যে ১৯৬৬ চনৰ বেংকক এচিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই ৮০০ মিটাৰ দৌৰত স্বর্ণ পদক লাভ কৰিছিল। ফুটবল খেলুৱৈ ৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰা ভোগেশ্বৰ বৰুৱাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ EME বিভাগত যোগদান কৰাৰ পাছত নিজকে দৌৰৰ ক্ষেত্ৰত এক ৰণুৱা ৰূপে প্ৰতিষ্ঠা কৰিছিল।

প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই ১৯৬৭ চনত অৰ্জুন পুৰস্কাৰ লাভ কৰিছিল। এই পুৰস্কাৰ লাভ কৰা উত্তৰ-পূব ভাৰতৰ তেওঁ প্ৰথমগৰাকী ক্ৰীড়াবিদ। এই ক্ৰীড়াবিদ গৰাকীৰ জন্মদিন ৩ ছেপ্টেম্বৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰা হয়।  

এই বঁটাত আছে নগদ ৩ লাখ টকা। ইয়াৰ লগতে আছে প্ৰশস্তি পত্ৰ আৰু এখন অংগ বস্ত্ৰ প্ৰদান কৰা হ’ব। (INDIA ONLINE)

53 Days ago

Download Our Free App