আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বাংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হব। কালি নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৩ উইকেটত পৰাস্ত কৰে। ইয়াৰ পূর্বে আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ৫ উইকেটত পৰাজিত কৰে। (AIR NEWS)