A part of Indiaonline network empowering local businesses

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত চেন্নাই ছুপাৰকিংছ

News

চেন্নাই ছুপাৰকিংছ আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা চেন্নাইৰ এম এ চিদ্দাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক ১৫ ৰানত পৰাস্ত কৰে। খেলখনত চেন্নাই ছুপাৰকিংছে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭২ ৰান কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫৭ ৰানহে সংগ্ৰহ কৰিবলৈ সমর্থ হয়। উল্লেখযোগ্য যে, প্রথমখন কোৱালিফায়াৰত পৰাভূত দলটোৱে ফাইনেলত প্ৰৱেশ কৰাৰ অন্য এটা সুযোগ লাভ কৰে। দলটোৱে এলিমিনেটৰ খেলখনত জয়ী হোৱা দলটোৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰত অৱতীৰ্ণ হয়। দ্বিতীয়খন কোৱালিফায়াৰত বিজয়ী দলটো ফাইনেলত স্থান লাভ কৰে। (AIR NEWS)

16 Days ago