आपकी जीत में ही हमारी जीत है
Promote your Business

আগষ্ট মাহত ৰাজ্যত ১১ হাজাৰ টেট শিক্ষকে পাব নিযুক্তি

news

গুৱাহাটী: ক’ৰণা আৰু বানৰ বিভিষীকাৰ মাজতে গোলাঘাটত শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। আগষ্ট মাহত ৰাজ্যত ১১ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি সাংবাদিকক জনায় মন্ত্ৰীজনে।

শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টেট উত্তীৰ্ণ সকলে চলিত বৰ্ষত নিযুক্তি লাভ নকৰিব বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল যদিও, শুকুৰবাৰে গোলাঘাটত হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাই সকাহ দিছে টেট উত্তীৰ্ণ সকলক।

ইফালে গোলাঘাটৰ ক’ভিড হাস্পতাল পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰীজনে আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গোলাঘাটত ১০০ জনতকৈ বেছি লোক স্থানীয় ভাবে সংক্ৰমিত হোৱাতো চিন্তাৰ বিষয়। 

আগষ্ট মাহৰ ভিতৰত গোলাঘাটত ক’ৰণাত আক্ৰান্ত ৰোগীয়ে ২,৫০০ৰ ঘৰ অতিক্ৰম কৰিব বুলিও সন্দেহ প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। (INDIAONLINE)

64 Days ago
Advertise Here