A part of Indiaonline network empowering local businesses

আজিৰে পৰা গুৱাহাটীত ৱাই-টুৱেণ্টিৰ তিনিদিনীয়া সন্মিলন আৰম্ভ

News

গুৱাহাটীত অনুষ্ঠিত ৱাই-টুৱেণ্টি সন্মিলনৰ যোগেদি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহে বিশ্ববাসীৰ সন্মুখত নিজৰ গৌৰৱময় ঐতিহ্য আৰু সংস্কৃতিৰ উপাদানসমূহ প্ৰদৰ্শনৰ সুবিধা লাভ কৰিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী নীশিথ প্রামাণিকে আজি গুৱাহাটীত আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ভাৰতক যুৱ ভাৰতৰ ৰূপত চাব বিচাৰে আৰু সেইবাবেই জি-টুৱেণ্টিৰ বৈঠকত ৱাই-টুৱেণ্টিয়ে অগ্ৰাধিকাৰ লাভ কৰিছে।
ৱাই-টুৱেণ্টিৰ তিনিদিনীয়া সন্মিলন আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। ভাৰতে জি-২০ৰ অধ্যক্ষতা গ্ৰহণৰ পাছত আয়োজন কৰা য়ুথ-টুৱেণ্টি এংগেজমেন্ট গোটৰ এই প্ৰথমলানি বৈঠক সন্দৰ্ভত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ সচিব মিটা ৰাজীৱ লোচনে আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে এই অনুষ্ঠানৰ অংশৰূপে কাইলৈ গুৱাহাটী আই আই টিত হ'বলগীয়া ‘আপোনাৰ মন্ত্ৰীৰ সৈতে আপোনাৰ আলোচনা' শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰিব। আনহাতে, ৮ ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত এই বিষয়ত শ্বেতপত্র এখনো মুকলি কৰিব বুলি শ্ৰী ৰাজীৱ লোচনে লগতে উল্লেখ কৰে। সচিবগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে এই ৱাই- টুৱেণ্টি গোটটোৱে সমগ্ৰ দেশতে আলোচনা আয়োজন কৰি উজ্বল ভৱিষ্যতৰ বাবে কাৰ্যসূচী যুগুত কৰাৰ উদ্দেশ্যে বিভিন্ন বিষয়ত ভাৱ বিনিময় কৰিব। জি-টুৱেণ্টিৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত দৃষ্টিভংগী গ্ৰহণৰ উদ্দেশ্যে এই সন্মিলনে দেশৰ যুৱ প্ৰজন্মক উপযুক্ত মঞ্চ এখন প্ৰদান কৰিব বুলি তেওঁ লগতে প্ৰকাশ কৰে। আই আই টি গুৱাহাটীত আয়োজিত বৈঠকত জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ এহেজাৰ ৫০০ গৰাকীৰো অধিক যুৱ প্রতিনিধিয়ে অংশগ্রহণ কৰিছে। ইয়াৰে ভিতৰত ডেৰশ গৰাকীৰো অধিক বিদেশী প্রতিনিধি আছে।
আনহাতে, ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা ১২ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এই প্রতিনিধিসকলক ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগৰ বাবে লৈ যোৱা হয়। অসমৰ গ্ৰাম্য সমাজ-সংস্কৃতিৰ বিষয়ে তেওঁলোকক জানিবলৈ সুযোগ দিয়াৰ লগতে অসমীয়া খাদ্যাভাস আৰু সাংস্কৃতিক উপাদানসমূহৰেও চিনাকি কৰাই দিয়া হয়।
উল্লেখযোগ্য যে ৱাই-টুৱেণ্টি বৈঠকৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰস্তুতিমূলক বৈঠক, আলোচনা, তর্ক প্রতিযোগিতা, কুইজ, চিত্রাঙ্কন আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এইবাৰৰ ৱাই- টুৱেণ্টি বৈঠকৰ বিষয় হৈছে - কৰ্মৰ ভৱিষ্যত, উদ্যোগৰ চতুৰ্থ সংস্কৰণ, উদ্ভাৱন আৰু একবিংশ শতিকা, জলবায়ু পৰিৱৰ্তন আৰু দুর্যোগ প্রশমন, বহনক্ষমতাক জীৱন ধাৰণৰ পন্থা হিচাপে গঢ় দিয়া, শান্তি স্থাপন আৰু বুজাপৰা, এখন যুদ্ধবিহীন সমাজৰ সূচনা কৰা, গণতন্ত্ৰ আৰু প্ৰশাসনত যুৱ প্ৰজন্মৰ ভূমিকা ইত্যাদি। (AIR NEWS)

54 Days ago