A part of Indiaonline network empowering local businesses

আজিৰে পৰা ৯ আগষ্টলৈ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ আয়োজন

news

ৰাজ্য চৰকাৰে ডায়েৰীয়া প্ৰতিৰোধৰ বাবে আজিৰেপৰা ৯ আগষ্টলৈ বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ আয়োজন কৰিছে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা ৰাজ্যিক ভিত্তিক বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰে। এই সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা ৯ আগষ্টলৈ এমাহ ধৰি ৫ বছৰৰ অনুৰ্ধৰ ৰাজ্যৰ প্ৰায় ৩৭ লাখ শিশুক অন্তৰ্ভুক্ত কৰি এই বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিংকৰ বড়ি আৰু অ' আৰ এছ প্রদানেৰে শিশুসকলৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আশাকর্মী অথবা এ এন এম ৰ সৈতে যোগাযোগ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।
বৰপেটা জিলাতো আজিৰ পৰা এই সন্দৰ্ভত সজাগতা অভিযান আৰম্ভ কৰা হৈছে। বৰপেটা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই। এই সজাগতা অভিযানৰ অধীনত জিলাখনৰ ১ৰ পৰা ৫ বছৰ বয়সৰ ভিতৰৰ ৯৬ হাজাৰ ৬৫৮ টি শিশুক সামৰি লোৱা হৈছে। আজিৰ অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰীৰ লগতে আশা কর্মীসকল উপস্থিত থাকে। (AIR NEWS)

80 Days ago