आपकी जीत में ही हमारी जीत है
Promote your Business

আজিৰ পৰা আৰম্ভ হ’ব ৩য় খেলো ইণ্ডিয়া য়ুৱ ক্ৰীড়া মহোৎসৱ

news

গুৱাহাটী: আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ৩য় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ, ২০২০। আজি সন্ধিয়া ৬ বজাত সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই ক্ৰীড়া মহোৎসৱ।

উল্লেখযোগ্য যে খেলো ইণ্ডিয়াৰ ৩য় সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ কথা প্ৰচাৰিত হৈছিল যদিও শেহতীয়াকৈ জানিব পৰা মতে সময়ৰ অভাৱৰ বাবে গুৱাহাটীলৈ আহিব নোৱাৰিব প্ৰধানমন্ত্ৰী। এই সন্দৰ্ভত কালি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “আমি প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিলো যদিও এই পৰ্যন্ত কোনোধৰণৰ নিশ্চিতি অহা নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা।” এই কথাই অলপতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰকাশ কৰিছিল।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট সংগীত শিল্পী শংকৰ মহাদেৱন আৰু ভি আনবিটেবলছ। আনহাতে জনপ্ৰিয় কণ্ঠশিল্পী সুনিধি চৌহানেও অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল যদিও তেওঁৰ ব্যক্তিগত কাৰণত অন্তিম মুহুৰ্ত্তত অনুষ্ঠান বাতিল কৰে।

অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ আধাৰত আজি উদ্বোধনী অনুষ্ঠানত ৫০০ ৰো অধিক শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। (INDIA ONLINE)

260 Days ago

Download Our Free App

Advertise Here