A part of Indiaonline network empowering local businesses

আজিৰ পৰা চাৰিদিনলৈ বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ

News

গুৱাহাটী: অম্বুবাচী উপলক্ষে সোমবাৰে পুৱা ৭.৩০ বজাৰ ভিতৰত নৈমিত্তিক পূজা–অৰ্চনাৰ পিছতে চাৰিদিনৰ বাবে দুৱাৰ বন্ধ হ’ল কামাখ্যা মন্দিৰৰ গৰ্ভগৃহ। এই সময়চোৱাত মন্দিৰৰ স্থায়ী নিৰ্বাচিত পুৰোহিতসকলে দিনত ফলাহাৰ কৰাৰ লগতে সন্ধিয়াৰ আৰতি গৰ্ভগৃহৰ বাহিৰত কৰিব। বাহিৰৰ কোনো লোকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব।

চাৰিদিনৰ অন্তত ২৫ জুনৰ নিশা ৮.৩০ বজাত অম্বুবাচীৰ নিবৃত্তি হ’ব যদিও কামাখ্যা মন্দিৰৰ দুৱাৰ ২৬ জুনৰ পুৱা ৬ বজাতহে পূৰ্বৰ আৰ্হিতে খোল খাব বুলি কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে ঘোষণা কৰিছে।  

দুৱাৰ খুলিলেও দৰ্শণাৰ্থীৰ বাবে কামাখ্যাৰ চৌহদত প্ৰৱেশ ৩০ জুনলৈকে বন্ধ থাকিব। সাম্প্ৰতিক সময়ত ৩০ জুন পৰ্যন্ত কামাখ্যা মন্দিৰ দৰ্শণাৰ্থীৰ বাবে সম্পূৰ্ণ বন্ধ কৰি ৰখা হৈছে। অৱশ্যে ১ জুলাইৰ পৰা দৰ্শণাৰ্থীৰ বাবে কামাখ্যাৰ প্ৰৱেশ পথ খুলি দিয়াতো পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ কৰিব, কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ এক সূত্ৰই জানিবলৈ দিয়ে।   (INDIAONLINE)

1189 Days ago

Video News