आपकी जीत में ही हमारी जीत है
Promote your Business

আজিৰ পৰা চৰাইদেউত দুদিনীয়াকৈ ‘অসম দিৱস’

news

চৰাইদেউঃ আজিৰ পৰা ঐতিহাসিক চৰাইদেউ লাংকুৰি দেওশালৰ প্ৰাংগনত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম দিৱস (চ্যুকাফা দিৱস)৷ ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি ছশ বছৰীয়া গৌৰবময় -ঐতিহ্যময় আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চাওলুং চ্যুকাফাক শ্ৰদ্ধাৰে সুঁৱৰিব ৰাজ্যবাসীয়ে।   

স্থানীয় ৰাইজ তথা বিভিন্ন জাতীয় দল-সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা দিৱসৰ প্ৰথম দিনা পুৱা উদযাপন সমিতিৰ সভাপতি সীতাৰাম দুৱৰাই পতাকা উত্তোলনেৰ অনুষ্ঠানটি শুভাৰম্ভ কৰে। ইয়াৰ পিচতে চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰবীন কোঁৱৰে৷

প্ৰকৃতিপ্ৰেমী ধৰ্মেশ্বৰ কোঁৱৰে বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰা পিচতেই সৰ্বধমীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি দুপৰীয়া এখনি মুকলি সভা অনুষ্ঠিত হয় আৰু সন্ধিয়ালৈ চাওলুং চ্যুকাফাৰ স্মৰণত অঞ্চলবাসীয়ে প্ৰটিতো ঘৰৰ পদূলিমুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰিব বুলি জানিব পৰা গৈছে। আনহাতে চৰাইদেউত চ্যুকাফা মৈদাম আৰু প্ৰতিমূৰ্তিত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে বন্তি প্ৰজ্বলন কৰে৷ (INDIAONLINE)

299 Days ago

Download Our Free App

Advertise Here