A part of Indiaonline network empowering local businesses Chaitra Navratri

আদানী গ্ৰুপৰ বিষয় লৈ সংসদ ভৱনৰ চৌহদত বিৰোধীৰ প্ৰতিবাদ

news

সংসদ ভৱনৰ চৌহদত আজি বিৰোধী দলসমূহে একত্ৰিত হৈ আদানী গ্ৰুপৰ বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী দলসমূহে বিষয়টোৰ সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবী জনাইছিল। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, ডি এম কেৰ টি আৰ বালু, আপৰ সঞ্জয় সিং, বি আৰ এছৰ কে কেশৱ ৰাও, আৰ জে ডিৰ অধ্যাপক মনোজ ঝা, সমাজবাদী পাৰ্টীৰ অধ্যাপক ৰামগোপাল যাদব, শিৱসেনাৰ প্ৰিয়ংকা চতুর্বেদী আদিয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে অভিযোগ কৰে যে শাসকীয় দলে লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজত ব্যাঘাত সৃষ্টি কৰিছে। (AIR NEWS)

7 Days ago