A part of Indiaonline network empowering local businesses

আদিত্য এল-বান পৃথিৱীৰ চতুৰ্থ কক্ষপথত উপনীত

News

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি সৌৰ বায়ুমণ্ডল অধ্যয়নৰ বাবে উৎক্ষেপণ কৰা আদিত্য এল-ৱান পৃথিৱীৰ চতুৰ্থ কক্ষপথত উপনীত হৈছে। এতিয়া পৰৱৰ্তী পদক্ষেপ হ'ল পৃথিবীৰ কক্ষপথ এৰি সূৰ্যৰ কক্ষপথৰ দিশে আগবাঢ়ি যোৱা। ইছৰোৱে প্ৰকাশ কৰা মতে আজি আদিত্য এল-ৱানৰ কক্ষপথ সলনি কৰা হৈছে। এই অভিযানৰ সময়ত মৰিচাছ, বেংগালুৰু আৰু প'ৰ্টব্লেয়াৰত অৱস্থিত ইছৰোৰ গ্ৰাউণ্ড ষ্টেচনৰ পৰা অভিযানৰ অগ্রগতি পর্যবেক্ষণ কৰা হৈছে। ১৯ ছেপ্তেম্বৰত কক্ষপথ আগুৱাই নি লেংগ্রেঞ্জ বিন্দু এল-বানৰ কক্ষপথত ৰখা হ'ব। উল্লেখযোগ্য যে ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদত্য এল-ৱান ২ ছেপ্তেম্বৰত উৎক্ষেপণ কৰা হৈছিল। (AIR NEWS)

13 Days ago