প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্তৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু দেশখনৰ প্ৰথম মহিলা ড° জিল বাইডেনৰ আমন্ত্ৰণমৰ্মে শ্রীমোদী ২১ জুনৰ পৰা ২৩ জুনলৈ দেশখন ভ্ৰমণ কৰিব। তেওঁ কয় যে, ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ২১ জুনত পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত গুৰি ধৰিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০১৪ চনৰ ডিচেম্বৰত প্ৰতিবছৰে ২১ জুনৰ দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। বিদেশ সচিবগৰাকীয়ে কয় যে, ইয়াৰ পিছতে শ্রীমোদী ৱাশ্বিংটন ডিচিলৈ যাব। তেওঁক বৃহস্পতিবাৰে হোৱাইট হাউছত আনুষ্ঠানিকভাৱে অভিবাদন জনোৱা হ'ব। ইয়াৰ পাছত শ্ৰীমোদী ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। শ্রীকোৱাট্ৰাই কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু প্ৰথম মহিলাই সেইদিনা সন্ধিয়া প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে নৈশ ভোজৰ আয়োজন কৰিব। শ্ৰীমোদীয়ে ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদ কংগ্ৰেছৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰিব বুলি বিদেশ সচিবগৰাকীয়ে জানিবলৈ দিয়ে। তেঁও কয় যে শুকুৰবাৰে শ্ৰীমোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিদেশ মন্ত্রী এণ্টনী ব্লিংকেনে আয়োজন কৰা মধ্যাহ্ন ভোজমেলত অংশগ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, শ্রীমোদী দেশখনৰ আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ব্যৱসায়ী আৰু অন্য পক্ষসমূহৰ সৈতে মত বিনিময় কৰিব। প্রধানমন্ত্ৰীয়ে লগতে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সদস্যকো সাক্ষাৎ কৰিব। শ্রীকোৱাট্ৰাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণ ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে আৰু দুয়োদেশৰ সম্পৰ্কৰ দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। তেওঁ কয় যে, প্রধানমন্ত্রী মোদীৰ আসন্ন ভ্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যাপক আগ্রহ পৰিলক্ষিত হৈছে। এই ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ভিতৰত দ্বিপাক্ষিত প্ৰতিৰক্ষা সহযোগিতা অন্যতমৰূপে পৰিগণিত হৈছে বুলি বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰতিৰক্ষা উদ্যোগী সহযোগিতাৰ বিশদ পৰিকল্পনা শ্রীমোদীৰ আসন্ন আমেৰিকা ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফল হ'ব। শ্রীকোৱাট্ৰাই কয় যে, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতেহ অল চিচিৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্রী মোদীয়ে ২৪ ৰ পৰা ২৫ জুনলৈকে কাইৰো ভ্ৰমণ কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ইজিপ্ত ভ্রমণ। ভ্রমণকালত প্রধানমন্ত্ৰী শ্ৰী মোদী দেশখনৰ ৰাষ্ট্ৰপতি অল চিচিৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে দেশখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া, বিশিষ্ট ব্যক্তি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব। বিদেশ সচিবগৰাকীয়ে কয় যে ভ্ৰমণকালত শ্ৰীমোদী বহৰা সম্প্ৰদায়ে ন-ৰূপ দিয়া একাদশ শতিকাৰ অল হাকিম মছজিদ পৰিদৰ্শন কৰিব। ভ্রমণকালত প্ৰধানমন্ত্ৰীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্তৰ হকে প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰাৰ উদ্দেশ্যে হেলিঅ’পলিচ যুদ্ধ সমাধি পৰিদৰ্শন কৰিব বুলি শ্রীকোৱাট্ৰাই জানিবলৈ দিয়ে। (AIR NEWS)