आपकी जीत में ही हमारी जीत है
Promote your Business

আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মিয়া পাঠদান

news

গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ে পাঠদান আৰু পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে৷ এক ছেপ্টেম্বৰৰ পৰা নিয়মীয়া পাঠদান আৰম্ভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে৷ বিশ্ববিদ্যালয় কর্তৃপক্ষই স্নাতকোত্তৰৰ চতুর্থ ষাণ্মাসিক, স্নাতক ষষ্ঠ ষাণ্মাসিক, এল এল বিৰ ষষ্ঠ ষাণ্মাসিক আৰু বি কম, বি এল এল বিৰ দশম ষাণ্মাসিকৰ শ্রেণীসমূহ খোলাৰ সিদ্ধান্ত লৈছে৷ বিশ্ববিদ্যালয় কর্তৃপক্ষই এক জাননী যোগে এই কথা জানিব দিছে৷

ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ে ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক পর্যায়ৰ আৰু ২৫ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ পর্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈও সিদ্ধান্ত লৈছে৷ এক ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহো খুলিব৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ ইংগিত দি নীতি-নিৰ্দেশনা প্রকাশ কৰিছে৷ বিশ্ববিদ্যালয়সমূহক এই ক্ষেত্রত নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ কোৱা হৈছিল৷ আনহাতে কটন বিশ্ববিদ্যালয়েও পাঠদানৰ লগতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে৷ (INDIAONLINE)

54 Days ago

Download Our Free App

Advertise Here