A part of Indiaonline network empowering local businesses

ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ কিদাম্বি শ্রীকান্ত কোৱাৰ্টাৰ ফাইনেলত

News

ভাৰতৰ কিদাম্বি শ্রীকান্তে আজি জাকাটাত অনুষ্ঠিত ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত সতীৰ্থ খেলুৱৈ লক্ষ্য সেনক ২১-১৭, ২২-২০ গেমত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

ইপিনে, মহিলাৰ ছিংলগছত অলিম্পিকত দুবাৰকৈ পদক বিজেতা পি ভি সিন্ধু টাইৱানৰ টাই জু য়িঙৰ হাতত ১৮-২১, ১৬-২১ গেমত পৰাজিত হয়।

অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত এইচ এছ প্ৰণয় আৰু প্রিয়াংশু ৰাজাৱটে আজি ক্রমে হংকঙৰ এংগছ এনজী কা লং আৰু ইণ্ডোনেছিয়াৰ এন্থনী ছিলছুকা গিনটিঙৰ সম্মুখীন হ'ব। একেদৰে, পুৰুষৰ ছিংগলছত ভাৰতৰ স্বাত্বিকসাইৰাজ ৰণকিৰেড্ডীয়ে আৰু চিৰাগ শেট্টীৰ ফুটাটো চীনৰ হে জিচিং আৰু ঝউ হাঅ দোঙৰ মুখামুখি হব। (AIR NEWS)

102 Days ago