A part of Indiaonline network empowering local businesses

উত্তৰ গাজাৰ লোকসকল দক্ষিণলৈ যোৱাৰ বাবে চাৰিঘণ্টাৰ সময় ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ

News

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কৈছে যে উত্তৰ গাজাৰ লোকসকল দক্ষিণলৈ যোৱাৰ বাবে চাৰিঘণ্টাৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে গাজা চহৰ আৰু উত্তৰ গাজাত ইজৰাইলে আকাশী পথ আৰু স্থলপথৰ আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত গাজাৰ সাধাৰণ নাগৰিকক ভূখণ্ডৰ দক্ষিণ অংশৰ ফালে যাবলৈ নিৰ্দেশ দিছিল। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কয় যে এই অঞ্চল দুটা পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে ব্যৱহাৰ কৰি আছে। গাজষ্ট্ৰীপৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই জনোৱা মতে যোৱা নিশা ইজৰাইলৰ সেনাই শৰণাৰ্থী শিবিৰত আক্ৰমণ চলোৱাৰ বাবে কমেও ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে। ইজৰাইলে এই ভূখণ্ডত হামাছৰ সকলো সদস্যক নিশেষ কৰাৰ ভাবুকি দিয়াৰ পিছতে এই ঘটনা সংঘটিত হৈছে। (AIR NEWS)

115 Days ago