A part of Indiaonline network empowering local businesses

উত্তৰ প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাজনো লোকৰ মৃত্যু

news

উত্তৰ প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যোৱা ২৪ ঘণ্টাত বর্ষাজড়িত ঘটনাত কমেও ৩৪জন লোকৰ মৃত্যু হৈছে। আকাশবাণীৰ লক্ষ্ণৌৰ সংবাদদাতাই কৈছে যে ৰাজ্যখনৰ সাহায্য আয়ুক্ত কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাইবৰেলি জিলাত ৫জন আৰু বৰেলি জিলাত ৪জন লোকক পানীয়ে উটুৱাই নিয়ে। ইপিনে, মুজাফ্‌ফাৰ নগৰ, কুশ্বান্ধি এটাহ, কলৌজ, বাড়ায়ুন, গাজিপুৰ, জালাউন আৰু কাণপুৰ ডেহাতত প্ৰৱল বৰষুণ আৰু বজ্ৰপাতত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনৰ বিশেষকৈ পশ্চিম অঞ্চলত মুষলধাৰ বৰষুণে জনজীৱন বিপর্যস্ত কৰি তুলিছে। বতৰ বিজ্ঞান বিভাগে আজিও ৰাজ্যখনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে আৰু কেইখন মান জিলাত অৰেঞ্জ এলার্ট জাৰি কৰিছে। প্ৰৱল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত কোনো কোনো জিলাত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। ৰাজধানী লক্ষ্ণৌটো প্ৰশাসনে অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ জনসাধাৰণক পৰামৰ্শ দিছে। জিলা প্রশাসনে বিভিন্ন জিলাৰ বাবে সাধাৰণ নাগৰিকৰ বাবে কেইটামান হেল্পলাইন নম্বৰৰো মুকলি কৰি দিছে। (AIR NEWS)

77 Days ago