A part of Indiaonline network empowering local businesses

উত্তৰ ভাৰতৰ ঘন কুঁৱলি আৰু শীতপ্রবাহৰ ফলত ৰেল চলাচল আৰু বিমান চলাচলত ব্যাঘাত

news

উত্তৰ ভাৰতৰ ঘন কুঁৱলি আৰু শীতপ্রবাহ অব্যাহত থকাৰ ফলত ৰেল চলাচল আৰু বিমান চলাচলত কিছু ব্যাঘাত জন্মিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি পঞ্জাৱৰ পৰা আৰম্ভ কৰি হাৰিয়ানা, মধ্য প্ৰদেশৰ উত্তৰ অংশ, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগকে ধৰি উত্তৰ পূৰ্বাঞ্চল পর্যন্ত আজি পুৱাৰে পৰা কুঁৱলিৰ আস্বাদন দেখা পোৱা হৈছে। পূৱ উপকুল অঞ্চলতো ঘণ কুঁৱলি দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি কাইলৈ পৰ্যন্ত উত্তৰ ভাৰতৰ সমতল অঞ্চলত অত্যন্ত শীত পৰিস্থিতি অব্যাহত থাকিব। একে পৰিবেশ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কিছু অংশতো থাকিব। বিভাগে জনোৱা অনুসৰি দিল্লী, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড় আদিৰ বহু অঞ্চলত শীতপ্রবাহ কাইলৈ পৰ্যন্ত অনুভূত হ'ব। উত্তৰাখণ্ডৰ কিছু অঞ্চলতো শীত প্রবাহ বেছি হ'ব। আনহাতে, অৰুণাচল প্ৰদেশ আৰু চিকিমত ঠাণ্ডা বতাহ অনুভূত হব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। আগজাননী অনুসৰি অহা দুদিন পর্যন্ত পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, ৰাজস্থান, মধ্য প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহু অংশত ঘণ কুঁৱলি অব্যাহত থাকিব। বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি অহা ৪ দিনত উত্তৰ পশ্চিম ভাৰতত তাপমাত্ৰা ২ ৰ পৰা ৩ ডিগ্ৰী ছেলচিয়াছ বৃদ্ধি হ'ব। আনহাতে, কাইলৈ পৰ্যন্ত পূৱ ভাৰতত তাপমাত্ৰাৰ বিশেষ সালসলনি নহ'ব যদিও তাৰ পাছত ৩ ৰ পৰা ৪ ডিগ্ৰী ছেলচিয়াছ বৃদ্ধি হ'ব পাৰে। বতৰ বিজ্ঞান বিভাগে জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, হিমাচল প্ৰদেশ, আৰু উত্তৰাখণ্ডৰ কিছু অংশত অহা দুদিনত পাতলীয়া বৰষুণৰ লগতে তুষাৰপাত হ'ব বুলি প্ৰকাশ কৰিছে। আনহাতে, অহা ৩ দিনত বিহাৰ, ঝাৰখণ্ড, ছত্তিশগড়, ওড়িশা, পশ্চিমবংগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ কিছু কিছু অংশত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। (AIR NEWS)

133 Days ago