A part of Indiaonline network empowering local businesses

ঋণৰ সূদৰ হাৰ পূৰ্বৰ ৬.৫০ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ আৰ বি আইৰ

news

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইৰ মুদ্রা নীতি কমিটীয়ে ৰেপ' ৰেট অর্থাৎ আৰ বি আইয়ে বাণিজ্যিক বেংক অথবা বিত্তীয় প্রতিষ্ঠানসমূহক প্ৰদান কৰা ঋণৰ সূদৰ হাৰ পূৰ্বৰ ৬.৫০ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুম্বাইত আজি অনুষ্ঠিত মুদ্রা নীতি কমিটীৰ বৈঠকৰ অন্তত আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয়। যে, কমিটীয়ে সর্বসন্মতি ক্রমে ৰেপ হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতি অনুসৰি স্থূল অর্থনৈতিক আৰু বিত্তীয় ঘটনা ক্ৰমৰ পুংখানুপুংখ মূল্যায়নৰ অন্তত একেৰাহে চতুৰ্থবাৰৰ বাবে ঘাই ঘাই সূদৰ হাৰসমূহ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসাৰে এছ ডি এফ অর্থাৎ স্থায়ী জমা সুবিধা হাৰ ৬.২৫ শতাংশ আৰু এম এছ এফ অর্থাৎ প্রান্তীয় স্থায়ী সুবিধা হাৰ ৬.৭৫ শতাংশত অপৰিৱৰ্তিত থাকিব। বিবৃতিটোত লগতে বিলাহী আৰু অন্য শাক-পাঁচলিৰ মূল্য বৃদ্ধিৰ বাবে জুলাইত মুদ্রাস্ফীতি উর্ধগামী হোৱা বুলি উল্লেখ কৰা হৈছে। আগষ্টত এই মুদ্রাস্ফীতি আংশিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হয়। ছেপ্তেম্বৰত মূল্য কম হোৱা বাবে মুদ্রাস্ফীতি তললৈ নামে। খাদ্য আৰু ইন্ধনৰ বাহিৰে বাকী সামগ্ৰীৰ মুদ্রাস্ফীতিৰ নিম্নগামী হাৰ অব্যাহত আছে যদিও গোটা দানা জাতীয় শস্য আৰু তৈল বীজৰ লেখীয়া খাৰিফ শস্যৰ খেতিৰ পৰিমাণ হ্ৰাস পোৱা আৰু গোলকীয় পৰ্যায়ত খাদ্য আৰু ইন্ধনৰ মূল্যৰ উত্থান পতনৰ বাবে মুদ্রাস্ফীতিক লৈ উদ্বেগ অব্যাহত আছে। আৰ বি আইৰ বিবৃতিটোত ২০২৩-২৪ বৰ্ষৰ বাবে দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৫ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। দ্বিতীয় ত্রিমাসিকত এই হাৰ ৬.৫ শতাংশ, তৃতীয় ত্রিমাসিকত ৬ শতাংশ আৰু চতুর্থ ত্রিমাসিকত ৫.৭ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ প্ৰথম ত্রিমাসিকৰ বাবে প্রকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৬.৬ শতাংশ হ'ব বুলিও বিবৃতিটোত অনুমান কৰা হৈছে। (AIR NEWS)

146 Days ago