আদানী গোট সন্দৰ্ভত হিন্দেনবার্গ ৰিচাৰ্ছ নামৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদনৰ লগতে অন্যান্য বিভিন্ন বিষয়লৈ আজিও একেৰাহে দ্বিতীয় দিনৰ বাবে সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হৈছে। বিৰোধী দলসমূহে কৰা প্ৰতিবাদৰ ফলত লোকসভা আজি দিনৰ ২বজালৈ আৰু ৰাজ্যসভাৰ কাম-কাজ দিনৰ ২.৩০ বজা পর্যন্ত স্থগিত ৰখা হৈছে। লোকসভাত আজি পুৱা কংগ্ৰেছ, ডি এম কে, টি এম চি, জে ডি ইউ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকলে বিষয়টো সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীৰ হস্তক্ষেপ দাবী কৰে। বি এছ পি, টি আৰ এছ আৰু চি পি আইৰ সদস্যসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। এই হুলস্থূলীয়া পৰিবেশৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰতিবাদকাৰী সদস্যসকলক প্রশ্নোত্তৰ ঘণ্টা চলাই নিয়াৰ বাবে আহ্বান জনায়। তেওঁ কয় যে সদনৰ কাম-কাজ ব্যাহত কৰা সদনৰ গৰিমা বিৰোধী কাম। তেওঁ কয় যে সদনত আজি লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত আলোচনা কৰিবলগীয়া আছে আৰু সদনৰ কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাটো সঠিক নহয়। তেওঁ আৰু কয় যে সদস্যসকলে তেওঁলোকে উত্থাপন কৰিবলগীয়া দাবী সন্দৰ্ভত আগতীয়া জাননি দিয়া উচিত। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই দিনৰ ২ বজা পর্যন্ত সদন স্থগিত থকাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি একেধৰণৰ পৰিবেশ বিৰাজ কৰে। আজি পুৱা সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদস্যসকলৰ সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে। ইয়াৰ পাছত কংগ্ৰেছ, টি এম কে আম আদমী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকলে শ্ল'গান দিবলৈ ধৰে। সভাপতি গৰাকীয়ে কয় যে সদন হৈছে আলোচনাৰ এখন মঞ্চ, বিতৰ্কৰ মঞ্চ নহয়। তেওঁ সদস্যসকলক সদনৰ নীতি নিয়ম পালন কৰিবলৈ অনুৰোধ জনায়, যাতে তালিকাভুক্ত বিষয়সমূহ নিয়াৰিকৈ আলোচনা কৰিব পৰা যায়। বিৰোধীৰ হুলস্থূলীয়া পৰিবেশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম-কাজ দিনৰ ২.৩০ বজা পর্যন্ত স্থগিত ৰখা হয়। (AIR NEWS)