A part of Indiaonline network empowering local businesses

এছিয়ান চেম্পিয়ন্‌ছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত ভাৰত-জাপানৰ খেল

News

ভাৰত আজি এছিয়ান চেম্পিয়ন্‌ছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ ষ্টেডিয়ামত খেলোৱা হ'ব। ভাৰতে পৰহি চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত নিজৰ অন্তিমখন খেলত পাকিস্তানক ৪–০ গ'লত পৰাস্ত কৰে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত ভাৰতৰ অধিনায়ক হৰমনপ্রীত সিঙে দুটা গ'ল দিয়াৰ বিপৰীতে যুগৰাজ সিনহা আৰু মন্দীপ সিঙে এটাকৈ গ'ল দিয়ে। ভাৰত বৰ্তমানলৈ খেলা ৫ খন খেলৰ ৪ খনত জয়লাভ কৰি আৰু এখন ডু খেলি ১৩ পইণ্টৰে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাৰ আনখন ছেমিফাইনেলত যোৱাবাৰৰ বিজয়ী দক্ষিণ কোৰিয়া মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। (AIR NEWS)

44 Days ago