A part of Indiaonline network empowering local businesses

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ বাংলাদেশে বিৰুদ্ধে অৰ্ৱতীণ

News

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ অন্তিমখন খেলত বাংলাদেশে ভাৰতৰ সন্মুখত ২৬৬ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছে। কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জিকি বাংলাদেশক প্রথমে বেটিং কৰিবলৈ আমন্ত্রণ জনোৱাৰ পাছত দলটোৱে নিৰ্ধাৰিত অভাৰত অধিনায়ক শাকিব-অল-হাছানৰ ৮০, তৌহিদ হৃদয়ৰ ৫৪ আৰু নাছুম আহমেদৰ ৪৪ ৰানৰ সহায়ত ২৬৫ ৰানন কৰিবলৈ সক্ষম হয়। বলিঙত ভাৰতৰহৈ শার্দুল ঠাকুৰে সর্বাধিক ৩টা আৰু মহম্মদ ছামীয়ে ২টা উইকেট দখল কৰে। উল্লেখযোগ্য যে, ইতিমধ্যে এছিয়া কাপৰ ফাইনেলত প্রৱেশ কৰা ভাৰতে অহা দেওবাৰে চূড়ান্ত খেলখনত শ্রীলংকাৰ সন্মুখীন হ'ব। (AIR NEWS)

13 Days ago