A part of Indiaonline network empowering local businesses

এছ এছ চিৰ নিযুক্তি কেলেংকাৰীৰ জড়িত মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰৰ দাবী পশ্চিমবংগৰ বিজেপি সাংসদৰ

News

পশ্চিমবংগৰ বিজেপি সাংসদসকলে ৰাজ্যখনত সংঘটিত এছ এছ চিৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত আৰু মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰৰ দাবীত আজি সংসদ ভৱনত বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভৰ সময়ত সাংসদসকলে পশ্চিমবংগৰ তৃণমূল চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে বাওঁপন্থী দলসমূহৰ সাংসদসকলে এম জি এনৰেগা আঁচনিৰ অধীনত কামৰ আৱণ্টনৰ প্ৰসংগক লৈ সংসদ ভৱন চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। (AIR NEWS)

419 Days ago