A part of Indiaonline network empowering local businesses

এন ই পি ২০২০ৰ আধাৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ

news

গুৱাহাটী বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি চমুকৈ এন ই পি ২০২০ৰ আধাৰত প্ৰস্তুত কৰা পাঠ্যক্ৰম আৰম্ভ কৰিব। ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা বিশ্ববিদ্যালয় চৌহদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদিত সকলো মহাবিদ্যালয়ত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ অধীনত শাখা ভিত্তিক স্নাতক ডিগ্ৰী আৰু ক্ষেত্ৰ ভিত্তিক স্নাতক ডিগ্রী আগবঢ়োৱা হ'ব। অহা ২২ মেত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সফল ৰূপায়ণ সন্দৰ্ভত আলোচনাৰ বাবে বিশ্ববিদ্যালয়খনৰ অধীনস্থ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ এখন সভা আয়োজন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ জালুকবাৰী চৌহদত এন ই পি সুবিধা কেন্দ্ৰ হিচাপে নামাকৰণ কৰা এটা নতুন ভৱন নতুন গোটসমূহৰ শ্ৰেণী আৰম্ভ কৰিবলৈ সাজু কৰা হৈছে বুলি উপাচাৰ্য প্রতাপজ্যোতি সন্দিকৈয়ে জানিবলৈ দিছে। এই বিষয়ে সবিষেশ জানিবৈল বিশ্ববিদ্যালয়ৰ ৱেবছাইট এনইপি. গৌহাটী. এচি.ইনত লগইন কৰিব পাৰিব বুলি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। (AIR NEWS)

14 Days ago