ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয় দিনা পুৱাৰে পৰা বিনিময় প্রথাৰ মূল হাট অনুষ্ঠিত হয়। পাহাৰৰ পৰা নামি অহা মামা-মামীসকলে লৈ অহা তেওঁলোকৰ কৃষিজাত সামগ্ৰী ভৈয়ামৰ লোকসকলৰ সান্দহ, চিৰা, পিঠা আদিৰ সৈতে বিনিময় কৰে। ইয়াৰ পিছতে জোনবিলত সমূহীয়া মাছধৰা পৰ্ব আৰম্ভ হয়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি জোনবিল মেলাত উপস্থিত হৈ গোভাৰজাৰ মুকলি ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্তৰ্গত তিৱা জনগোষ্ঠীৰ সকলো সাংস্কৃতিক উপাদানৰ লগতে জোনবিল মেলাৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ১৮ গৰাকী তিৱা ৰজাৰ প্রত্যেককে ১ লাখ ২৫ হাজাৰ টকাকৈ ৰাজ ভাট্টাৰ চেক বিতৰণ কৰে৷ সভাত জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ লগতে অসম-ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। (AIR NEWS)