A part of Indiaonline network empowering local businesses

কাইলৈ জি-টুৱেণ্টিৰ প্ৰথমখন বৈঠক সৰ্বানন্দ সোণোৱালৰ উদ্বোধন

News

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ, জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ গুৱাহাটীত আয়োজিত জি-টুৱেণ্টিৰ প্ৰথম বহনক্ষম বিত্ত কাৰ্য্যগোটৰ বৈঠক উদ্বোধন কৰিব। এখন বিশ্ব-এটা পৰিয়াল- এটা ভৱিষ্যৎ বিষয় লৈ আৰু বসুধৈৱ কুটুম্বকম বাণীৰে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা গীতু যোশীয়ে কয় যে, গুৱাহাটীত দুদিনীয়াকৈ হ'বলগীয়া বিত্ত কাৰ্য্যগোটৰ এই বৈঠকত জি-টুৱেণ্টিৰ সদস্য ৰাষ্ট্ৰসমূহৰ শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব।

এই বৈঠকৰ পৰা অসমে পৰম্পৰা, ঐতিহ্য, সাংস্কৃতিক দিশ তথা বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শনৰ সুবিধা লাভ কৰিব বুলি মন্ত্ৰ্যালয়ৰ আন এগৰাকী উপদেষ্টা চান্দ্ৰী ৰাইনাই প্ৰকাশ কৰে। ইপিনে, ৭ আৰু ৮ ফেব্ৰুৱাৰীত হ'বলগীয়া ৱাই টুৱেণ্টি বৈঠকত বিভিন্ন ৰাষ্ট্ৰৰ আঢ়ৈশ প্রতিনিধিয়ে অংশ ল'ব বুলি জানিব পৰা গৈছে। অসম চৰকাৰে এই বৈঠকৰ বাবে সামগ্ৰিক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। সংশ্লিষ্ট বিভাগসমূহ প্ৰতিনিধিসকলক আপ্যায়নৰ বাবে সাজু হৈছে। (AIR NEWS)

59 Days ago