প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীয়ে অঞ্চলটোৰ জনসাধাৰণৰ বাবে দ্রুতবেগী আৰামদায়ক যাত্রা সুনিশ্চিত কৰিব। গুৱাহাটী নিউ জলপাইগুৰি সংযোগী এই ৰেলগাড়ীখনে একেই ৰেলপথচোৱাৰে চলাচল কৰা বৰ্তমানৰ ক্ষীপ্ৰতম ৰেলগাড়ীৰ তুলনাত যাত্ৰাৰ সময় এঘণ্টা ৰাহি কৰিব। ৰেলগাড়ীখনে গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিৰ যাত্ৰা ৫ ঘণ্টা ৩০ মিনিটত সম্পূৰ্ণ কৰিব। (AIR NEWS)