A part of Indiaonline network empowering local businesses

কাইলৈ যোধপুৰত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

news

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ যোধপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইটামান উন্নয়নমূলক প্রকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এনে প্ৰকল্পৰ ভিতৰত স্থলপথ, ৰে’লপথ, আকাশীপথ, স্বাস্থ্যসেৱা আৰু উচ্চশিক্ষা খণ্ডৰ প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্রকল্পক সামৰি লোৱা হৈছে।
প্রধানমন্ত্ৰীয়ে কাইলৈ আধাৰশিলা স্থাপন আৰু আনুষ্ঠানিকভাবে মুকলি কৰিবলগীয়া এনে প্ৰকল্পৰ উল্লেখযোগ্য কেইটামান হ’ল-যোধপুৰত স্থাপন কৰিবলগীয়া সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান, এইমছৰ ৩৫০খন বিচনাযুক্ত এখন অত্যাধুনিক চিকিৎসালয়, প্রধানমন্ত্রী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান, PM-ABHIMৰ অধীনত ৰাজ্যখনৰ ভিন ভিন স্থানত স্থাপন কৰিবলগীয়া ৭ টা সংকটকালীন পৰিচৰ্যা কেন্দ্ৰ আৰু ৪৮০ কোটি টকা ব্যয় সাপেক্ষে যোধপুৰ বিমান বন্দৰত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক টার্মিনেল ভৱন। এই ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত নতুনকৈ আৰম্ভ কৰিবলগীয়া তিনিখন ৰেলগাড়ীৰ সেৱাও আনুষ্ঠানিকভাবে মুকলি কৰিব। এই ৰে’লগাড়ীকেইখনৰ ভিতৰত এখন ঐতিহ্য শ্ৰেণীৰ ৰে’লগাড়ীও থাকিব। (AIR NEWS)

147 Days ago