শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ লগত সংগতি ৰাখি আজি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ক্ৰমে নৱযুগ প্রাথমিক বিদ্যালয়, আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, চম্পাৱতী হাইস্কুল আৰু বাথৌপুৰী বড়ো হাইস্কুল পৰিদৰ্শন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত বিদ্যালয়সমূহৰ শৈক্ষিক, আন্তঃগাঁথনি, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰি বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। ডাঃ পেগুৱে প্ৰধানকৈ বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে আহৰণ কৰা জ্ঞান সন্দৰ্ভত মত-বিনিময় কৰে। তেওঁ যিসকল ছাত্র-ছাত্রীয়ে এই বিষয়সমূহত অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক লৈ শিক্ষকসকলক অতিৰিক্ত পাঠদান কৰাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে অভিভাৱক তথা বিদ্যালয় পৰিচালনা সমিতিসমূহৰ লগতো বাৰ্তালাপ কৰে। তেওঁ কয় যে, এখন বিদ্যালয়ৰ উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰতিগৰাকী নাগৰিকে দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। ডাঃ পেগুৱে পৰিদৰ্শনকালত বিদ্যালয়সমূহত অভিভাৱক আৰু শিক্ষকসকলৰ মাজত নিয়মীয়া বৈঠক সন্দৰ্ভতো বুজ লয়।
ইফালে, গোলাঘাট জিলাতো কালিৰ পৰা দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ১ লাখ ২১ হাজাৰ ২৬৯ গৰাকী শিক্ষাৰ্থীক সামৰি এহেজাৰ ৪৪৯ খন বিদ্যালয়ত গুণোৎসৱ আয়োজিত হৈছে। গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্রবীণে জিলাখনৰ বগীধলা বাগান প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি গুণোৎসৱ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ বিদ্যালয়খনৰ শৈক্ষিক দিশ তথা আন্তঃগাঁথনি, পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই গুণোৎসৱ উপলক্ষে দণ্ডধৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে।
একেদৰে, যোৰহাটত কালিৰে পৰা দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে। এ পি ডি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই চেনিয়ামগুৰি হাইস্কুল পৰিদৰ্শন কৰি গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। (AIR NEWS)