आपकी जीत में ही हमारी जीत है
Promote your Business

কাশী মহাকাল এক্সপ্ৰেছ ৰে’লগাড়ীৰ বাণিজ্যিক সেৱা আজৰিপৰা আৰম্ভ

News

কাশী মহাকাল এক্সপ্ৰেছ নামৰ আইআৰচিটিচিৰ তৃতীয়খন ব্যক্তিগত ৰে’লগাড়ীৰ চলাচলবৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব। এই ৰে’লগাড়ীখনে ইণ্ডোৰৰ সমীপৰ ওমকাৰেশ্বৰ,উজ্জয়িনীৰ মহাকালেশ্বৰ আৰু বাৰানসীৰ কাশী বিশ্বনাথ এই তিনিটা জ্যোতিলিংগক সংযোগকৰিব। বৃহস্পতিবাৰে বিয়লি বাৰানসীৰ পৰা কাশী মহাকাল ৰে’লগাড়ীখনৰ যাত্ৰা আৰম্ভ হ’বআৰু মহাশিৱৰাত্ৰীৰ দিনা অৰ্থাৎ শুকুৰবাৰে পুৱা ৰে’লগাড়ীখন ইণ্ডোৰ পাবগৈ। আই আৰচি টি চিৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক অশ্বিনী শ্ৰীবাস্তৱে আকাশবাণীক জনাইছে পুৱা ৰে’লগাড়ীখনইণ্ডোৰ পাবগৈ। আইআৰচিটিচিৰ মুখ্য আঞ্চলিক প্ৰৱন্ধক অশ্বিনী শ্ৰীবাস্তৱে আকাশবাণীকজনাইছে যে এই ৰে’লগাড়ীখনত যাত্ৰীৰ বাবে অত্যাধুনিক সুবিধা থাকিব আৰু যাত্ৰীসকলেওমকাৰেশ্বৰ ভ্ৰমণৰ পেকেজো গ্ৰহণ কৰিব পাৰিব। যোৱা দেওবাৰে প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীয়ে পতাকা জোকাৰি ৰে’লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছিল। এই ৰে’লখনেবাৰানসীৰ পৰা লক্ষ্ণৌ হৈ ইণ্ডোৰলৈ ১,১৩১ কিলোমিটাৰ আৰু বাৰানসীৰ পৰা প্ৰয়াগৰাজহৈ ১,১০২ কিলোমিটাৰৰ দূৰত্ব প্ৰায় ১৯ ঘণ্টাত সম্পূৰ্ণ কৰিব। এই ৰে’লগাড়ীখনবাৰানসী আৰু ইণ্ডোৰৰ মাজত সপ্তাহত তিনি দিনকৈ চলাচল কৰিব। (AIR NEWS)

39 Days ago

Download Our Free App