Promote your Business

ক’ৰণাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ডিব্ৰুগড়

news

ডিব্ৰুগড়: ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ডিব্ৰুগড় প্ৰশাসন। মোহনবাৰী বিমান বন্দৰত সোমবাৰৰ পৰা প্ৰতিজন যাত্ৰীক কৰা হৈছে স্ক্ৰীনিং। প্ৰাপ্ত তথ্য অনুসৰি অতি সোনকালে ৰে’লৱে ষ্টেছনতো কৰা হ’ব স্ক্ৰীনৰ ব্যৱস্থা।

এই ভাইৰাছৰ বিষয়ে উৰাবাতৰি নিবিয়পাবলৈ সকলোকে অনুৰোধ জনাইছে প্ৰশাসনে। সদ্যহতে চীন ভ্ৰমণ কৰি অহা ডিব্ৰুগড়ৰ এজন লোকক নিৰীক্ষণ কৰি থকা বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে সোমবাৰে ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত আয়োজিত হয় এখন সজাগতা সভা। সভাত উপস্থিত থাকে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধক্ষ্য ডা০ হিৰণ্য কুমাৰ গোস্বামী, অধিক্ষক ডা০ ইন্দ্ৰ চুতীয়া, যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ উদয়ন কুমাৰ বৰুৱা। (INDIA ONLINE)

57 Days ago

Download Our Free App