आपकी जीत में ही हमारी जीत है
Promote your Business

কৰণা ভাইৰাছৰ সন্দেহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি এগৰাকী ছাত্ৰী

news

গুৱাহাটী: সমগ্ৰ বিশ্ব এতিয়া মাৰাত্মক কৰণা ভাইৰাছত ত্ৰাসত। গুৱাহাটীতো কঠোৰ কৰা হৈছে কৰণা ভাইৰাছৰ নিৰিক্ষণ ব্যৱস্থা। কৰণা ভাইৰাছ সংক্ৰমণৰ সন্দেহত এগৰাকী ছাত্ৰীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আছুতীয়াকৈ ৰখা হৈছে। চীনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী ৬ ফেব্ৰুৱাৰীতে ভাৰতলৈ আহিছিল। ইয়াৰ পিছতেই বৃহস্পতিবাৰে ছাত্ৰীগৰাকী উপস্থিত হয় গুৱাহাটীত।

চীনৰ পৰা গুৱাহাটী আহি পোৱাৰ পিছতেই ছাত্ৰীগৰাকীক গুৱাহাটী বিমান বন্দৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়। সদ্যহতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আছুতীয়া কক্ষত চিকিৎসা কৰি থকা হৈছে ছাত্ৰীগৰাকীক। এইপৰ্যন্ত ছাত্ৰীগৰাকীৰ শৰীৰত কৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই যদিও বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসকৰ নিৰীক্ষণত আছে। (INDIA ONLINE)

45 Days ago

Download Our Free App