A part of Indiaonline network empowering local businesses

গাজা সীমান্ত পুনৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি দাবী ইজৰাইলৰ, সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬০০ লৈ বৃদ

News

ইজৰাইলে হামাছৰ সন্ত্ৰাসবাদীয়ে বলপূৰ্বকভাবে প্ৰৱেশ কৰি আক্ৰমণ চলোৱাৰ ৩ দিন পাছত গাজা সীমান্ত পুনৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি দাবী কৰিছে। ইজৰাইলৰ সেনাই ইতিমধ্যে হামাছে সপ্তাহৰ শেষৰ ফালে চলোৱা আক্ৰমণৰ সময়ত ভাঙি পেলোৱা স্থানত মাইন স্থাপন কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজৰ সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ৬০০ লৈ বৃদ্ধি পাইছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলত ৯০০ৰো অধিক লোক নিহত হৈছে আৰু কমেও দুহেজাৰ ৬০০ জন আহত হৈছে। হামাছে ভালেসংখ্যক লোকক বন্দী কৰি ৰাখিছে বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে পেলেষ্টাইনত কমেও ৬৮৭ জন নিহত হৈছে আৰু ৩ হাজাৰ ৭২৬ জন আহত হৈছে। (AIR NEWS)

141 Days ago