A part of Indiaonline network empowering local businesses

গাভাস্কাৰ ট্ৰফী ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰত সন্তোষজনক স্থিতিত উপনীত

News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নাগপুৰত চলি থকা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টত ঘৰুৱা দল ভাৰতে সন্তোষজনক স্থিতিত উপনীত হৈছে। খেলখনৰ আজি দ্বিতীয় দিনাৰ সামৰণিত টীম ইণ্ডিয়াই প্রথম ইনিংছত ৭ টা উইকেটৰ বিনিময়ত ৩২১ ৰাণ সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে, কালি প্রথম দিনা অষ্ট্ৰেলিয়াৰ প্রথম ইনিংছ ১৭৭ ৰাণত সামৰণি পৰিছে। ফলস্বৰূপে ভাৰতীয় দলটোৱে ১৪৪ ৰাণৰ গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই আকৰ্ষণীয় শতক অৰ্জন কৰাৰ পাছত ৰবীন্দ্ৰ জাদেজাই ৬৬ আৰু অক্ষৰ পেটেলে ৫২ ৰাণ কৰি খেলি আছে। ৰোহিত শৰ্মা ১২০ ৰাণ কৰি আউট হয়। টেষ্ট ক্ৰিকেটত নৱমটো শতক অৰ্জন কৰাৰ পথত ৰোহিতে ১৫ টা বাউণ্ডেৰী আৰু দুটা চিক্সাৰ কোবায়। অষ্ট্ৰেলিয়াৰ অফ স্পীনাৰ টড মার্কীয়ে ৫ টা উইকেট দখল কৰে। (AIR NEWS)

50 Days ago