A part of Indiaonline network empowering local businesses

গুজৰাটৰ পোৰবন্দৰৰ পৰা দক্ষিণ-পশ্চিমে ৮৭০ কিলোমিটাৰ দূৰত্বত প্ৰৱেশ ঘূর্ণিবতাহ ‘বিপৰ্যয়’

news

আৰব সাগৰত উদ্ভৱ হোৱা ঘূর্ণিবতাহ বিপৰ্যয় কালি মাজনিশা গুজৰাটৰ পোৰবন্দৰৰ পৰা দক্ষিণ-পশ্চিমে ৮৭০ কিলোমিটাৰ দূৰত্বত প্ৰৱেশ কৰিছে। এই ধুমুহা অহা দুদিনত উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে। কালি ধুমুহাৰ গতিবেগ প্রতিঘণ্টাত ৫ কিলোমিটাৰৰ পৰা হ্ৰাস হৈ ৩ কিলোমিটাৰ হয় বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ইপিনে এই ঘূর্ণিবতাহৰ ফলত অহা ১৩ জুনলৈকে সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলী বতৰা দিছে। এই সময়ছোৱাত এই অঞ্চলসমূহত প্রতিঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে আৰু কোনো কোনো সময়ত বতাহৰ গতিবেগ প্রতিঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে৷ (AIR NEWS)

108 Days ago