কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল, জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জি-টুৱেণ্টি সদস্য ৰাষ্ট্ৰৰ প্রতিনিধি বৰ্গক বহনক্ষম জীৱন শৈলীক গণ আন্দোলনৰ ৰূপ দিয়াৰ বাবে যৌথভাৱে কাম কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ জি-টুৱেণ্টিৰ অধ্যক্ষতাৰ অংশ হিচাপে আজি গুৱাহাটীত আয়োজিত বহনক্ষম বিত্ত কাৰ্যগোটৰ প্ৰথমখন সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয় যে বিশ্বই পৰিষ্কাৰ আৰু সেউজ সমাজৰ হকে কাম কৰা উচিত। তেওঁ লগতে কাৰ্বন নির্গমনৰ পৰিমাণ কম কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। ভাৰতে ৰাষ্ট্ৰীয় বিকাশৰ হকে বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আকোৱালি লৈছে বুলি শ্ৰী সোণোৱালে প্ৰকাশ কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বক দেশৰ চহকী ঐতিহ্যৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা আমাৰ বাবে গৌৰৱৰ বিষয়। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনে মানৱ জাতিৰ বাবে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু এই আলাপ আলোচনাৰ জৰিয়তে নিশ্চিতভাৱে জলবায়ু পৰিৱৰ্তন সমস্যা সমাধানৰ পথৰ অন্বেষণ কৰিব পৰা যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই দুদিনীয়া বৈঠকত জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সন্মুখীন হোৱা ক্ষেত্ৰত দেখা দিয়া বিত্তীয় জটিলতা চিনাক্ত কৰা আৰু বিশ্বৰ জনসাধাৰণৰ কল্যাণৰ বাবে সমবিকাশ সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস চলোৱা হ'ব। বৈঠকত এই মহান কাৰ্যৰ বাবে ধন সংগ্ৰহৰ স্থায়ী উৎসৰ বিশদ পৰিকল্পনা যুগুতাই উলিওৱা হ'ব বুলিও শ্ৰী সোণোৱালে প্ৰকাশ কৰে। জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশ, অতিথি ৰাষ্ট্ৰ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ শতাধিক প্রতিনিধিয়ে বৈঠকত অংশগ্রহণ কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই বৈঠকৰ চাৰিটা সত্ৰত জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সন্মুখীন হোৱাৰ বাবে সময়মতে পর্যাপ্ত উৎস, বহনক্ষম উন্নয়নৰ বাবে পুঁজি সংগ্ৰহ আৰু বহনক্ষম উন্নয়নৰ সমগ্ৰ তন্ত্ৰৰ বাবে সামর্থ্য বৃদ্ধি আদি বিষয় লৈ আলোচনা কৰা হ'ব।
এই দুদিনীয়া বৈঠকৰ সময়ত যোগ-সত্ৰসহ অসমৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে প্রতিনিধি বৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। (AIR NEWS)