आपकी जीत में ही हमारी जीत है
Promote your Business

গুৱাহাটীত স্থাপন কৰা হ’ব ১,৩৯৭ টা চিচিটিভি কেমেৰা

news

গুৱাহাটী: মহানগৰীত ক্ৰমাৎ বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাসমূহক লৈ সৰৱ হৈছে গুৱাহাটী মহানগৰ প্ৰশাসন। অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ ২০২১ চনৰ ভিতৰত মহানগৰীৰ সকলো এলেকাত মুঠ ১,৩৯৭ টা চিচিটিভি কেমেৰা স্থাপন কৰাৰ কথা ঘোষণা কৰিছে প্ৰশাসনে।  

উল্লেখযোগ্য যে মহানগৰীৰ প্ৰায়বোৰ স্থানত থকা চিচটিভি কেমেৰাৰ অধিকাংশই বিকল হৈ পৰি থকাৰ ফলত ফলত মহানগৰীত অবাধ বিচৰণ চলিছে একাংশ দুষ্ট চক্ৰই।  

আনহাতে যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা পৰিবহন বিভাগে। বিগত কিছু দিনৰ পৰা মহানগৰীৰ চিটি বাছসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে পৰিবহন বিভাগে। নিয়ম উলংঘা কৰা চিটি বাছসমূহৰ বিৰুদ্ধে অভিযান চলাই অধিক জৰিমনা বিহিছে কৰ্তৃপক্ষই। ইয়াৰ সমান্তৰালকৈ যান-বাহন নিয়ন্ত্ৰণৰ বাবে মহানগৰীত মুঠ ১,৩০৮ টা চিচিটিভি কেমেৰা স্থাপন কৰাৰ কথাও ঘোষণা  কৰে। (INDIA ONLINE)

34 Days ago

Download Our Free App